অন্যান্য প্ৰয়াসসমূহ

বিদ্যালয়সমূহৰ অভিভূতকাৰী সহাঁৰি;নিয়মিত মিড্-ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিৰ অন্তৰ্গত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ অংশীদাৰী আৰু আমাৰ পৰিহিতৈষীদাতাসকলৰ বিবেচনাপূৰ্ণ সাহায্যই আমাৰ পৰিসৰ এখন ঠাইৰ 1,500 শিশুৰ পৰা ভাৰতৰ নখন ৰাজ্য বিয়পা 45 খন ঠাইৰ 1.76 মিলিয়ন শিশুলৈ বৃদ্ধি কৰাত সহায় কৰিছে। 13 বছৰ সময়সীমাৰ ভিতৰত সংস্থাটোৱে 5 খন চৰকাৰী বিদ্যালয়ৰ শিশুসকলক খুওঁৱাৰ পৰা 10,000 খনতকৈ বেছি চৰকাৰী বিদ্যালয়ৰ শিশুসকলক আহাৰ প্ৰদান কৰালৈ বৃদ্ধি পাইছে।

নিয়মিত মিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমৰ বাহিৰেও, Akshaya Patraই লগতে অনান্য খুওৱা (আহাৰ প্ৰদান) পদক্ষেপো হাতত লৈছে যেনে :

  • অংগনৱাদীক আহাৰ খুওঁৱা

  • সন্তান সম্ভৱা আৰু স্তনপান কৰাই থকা মাতৃসকলক আহাৰ খুওঁৱা

  • বিশেষ বিদ্যালয়সমূহত আহাৰ খুওঁৱা

  • অৰ্থনৈতিকভাৱে পিচপৰাসকলৰ বাবে ৰেহাই মূল্যৰ দুপৰীয়াৰ আহাৰ

  • ঘৰৰ পৰা পলাই যোৱা শিশুক আহাৰ খুওঁৱা

  • বৃদ্ধ আশ্ৰমতআহাৰ খুওঁৱা

  • গৃহহীনসকলক আহাৰ খুওঁৱা

  • দুৰ্যোগ সাহায্য

ওপৰত উল্লেখ কৰা পদক্ষেপসমূহৰ বাহিৰেও, ফাউণ্ডেচনে অনান্য সামাজিক প্ৰয়াসসমূহৰ বাবেও কাম কৰে যেনে:
 

  • শ্ৰেণীৰ পাছৰ টিউশ্যন

  • জীৱন-দক্ষতাকাৰ্য্যক্ৰম

  • ৰাজহুৱা স্বাস্থ্য শিবিৰ

  • বৃত্তি কাৰ্য্যক্ৰমসমূহ

  • স্বাস্থ্য পৰীক্ষা শিবিৰ

Akshaya Patraই 2020 চনলৈকে 5 মিলিয়ন শিশুক আহাৰ খুওঁৱাৰলক্ষ্য বাস্তৱায়িত কৰি তোলাৰ বাবে উৎসৰ্গীত। এই লক্ষ্য পূৰণ কৰাৰ কৰাৰ দ্বাৰা আমি আমাৰ “ভাৰতবৰ্ষত কোনো শিশু ভোকৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হব নালাগিব”স্বপ্ন সফল কৰাৰ দিশলৈ ওচৰ চাপি যাম। আমি নিশ্চিত যে আমাৰ হিতধাৰকসকলৰনিৰবিচ্ছিন্ন সাহায্যৰ দ্বাৰা, আমি ভাৰতবৰ্ষত শ্ৰেণীকোঠাৰ ক্ষুধা নিবাৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰিব পাৰিম।

The Best Way to Make a Difference in the Lives of Others