Akshaya Patraৰভূমিকা

Akshaya Patraফাউণ্ডেচনেবাংগালৰ, কৰ্ণাটকাৰ 5 খন চৰকাৰী বিদ্যালয়ৰ 1,500 শিশুক বিনামূলীয়া মিড্ ডে মিল (মধ্যাহ্ন ভোজন) প্ৰদান কৰি জুন, 2000 ত মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম প্ৰণয়ন কৰা আৰম্ভ কৰিলে। যোৱা 13 বছৰত, বিভিন্ন ৰাজ্য চৰকাৰ আৰু জড়িত সংস্থাসমূহৰ পৃষ্ঠপোষকতাৰ লগতে ভাৰত চৰকাৰৰ নিৰন্তৰ সাহায্যই কাৰ্য্যক্ৰমটোক দ্ৰুতভাৱে বৃদ্ধি পোৱাত সক্ষম কৰি তুলিলে। আজি, এইটো সংস্থাই 10,050খন চৰকাৰী বিদ্যালয় আৰুচৰকাৰী অনুদানপ্ৰাপ্ত বিদ্যালয়ৰ 1.3 মিলিয়ন শিক্ষাৰ্থীক বিনামূলীয়া মিড্ ডে মিল (মধ্যাহ্ন ভোজন) খুৱায়। ফাউণ্ডেচনৰ বৰ্তমানে ভাৰতৰ 9 খন ৰাজ্যৰ 20 খন ঠাইত উপস্থিতি আছে। Akshaya Patraফাউণ্ডেচনক বিশ্বৰ সৰ্ববৃহৎএনজিঅ -ৰ দ্বাৰা পৰিচালিত মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম বুলি স্বীকৃতি দিয়া হৈছে।(উত্স)

millenium-declaration-assamese

মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম প্ৰণয়ন কৰাত Akshaya Patraৰ ভূমিকাকেৱলমাত্ৰ বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ প্ৰদান কৰাতকৈ বহু বেছি হয়। সংস্থাটোৱে, এই কাৰ্য্যক্ৰমটোৰ মাধ্যমেৰে, দুটা সবাতোকৈ গুৰুতৰ সহস্ৰক উন্নয়ন লক্ষ্য পূৰণ কৰিবলৈ আগবাঢ়িছে: ক্ষুধানিবাৰণআৰুপ্ৰাথমিকশিক্ষাৰবিশ্বজনীনকৰণ।

vision-of-akshaya-patra-foundation

এই অ-লাভজনক সংস্থাটোৱে নিজৰ স্বপ্ন “ভাৰতবৰ্ষত কোনো শিশু ভোকৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হব নালাগিব”ৰ উদ্দেশ্য কাম কৰি আগবাঢ়ি গৈ আছে। এই স্বপ্ন সফল কৰি তোলাৰ বাবে, ই “শিক্ষাৰ বাবে অসীমিত আহাৰ” প্ৰদান কৰে। এই স্বাস্থ্যকৰ আহাৰ সঘনাই, সমগ্ৰ দিনটোত তেওঁলোকৰ পুষ্টিৰ একমাত্ৰ উৎসহয়। সেয়েহে, এই কথা নিশ্চিত কৰিবৰ বাবে যে প্ৰতিটো শিশুৱেই যাতে এই এটা সময়ৰ আহাৰৰ দ্বাৰা লাভৱান হয়, Akshaya Patraই পুষ্টিকৰ আহাৰ তৈয়াৰ কৰে যি লগতে স্থানীয় স্বাদ-অনুভূতিৰ সতেও খাপ খায়। উদাহৰণস্বৰূপে, উত্তৰ ভাৰতৰ ৰান্ধনীঘৰসমূহে ৰুটি পৰিবেশন কৰে আনহাতে দক্ষিণ ভাৰতৰ ৰান্ধনীঘৰসমূহে ভাত পৰিবেশন কৰে।

সংস্থাটোৱে নিজৰ কাম-কাজ দুটা পৃথক ৰান্ধনীঘৰ আৰ্হিৰ দ্বাৰা পৰিচালনা কৰে - কেন্দ্ৰীভূত আৰু অকেন্দ্ৰীভূত।

কেন্দ্ৰীভূত ৰান্ধনীঘৰসমূহ বিশাল কাৰখানা-সদৃশ ৰান্ধনীঘৰৰ একক হয় যাৰ সাধাৰণতে প্ৰতিদিনে 100,000 সাজলৈকে আহাৰ ৰন্ধাৰ সক্ষমতা আছে। প্ৰতিটো ৰান্ধনীঘৰে ইয়াৰ চৌপাশে অৱস্থিত বিদ্যালয়ৰ এটি সমূহক সেৱা প্ৰদান কৰে। এই এককসমূহ অৰ্ধ-স্বয়ংক্ৰিয় হয় যিয়ে ৰন্ধন প্ৰক্ৰিয়াৰ সময়ছোৱাত স্বাস্থ্যসন্মততা সুনিশ্চিত কৰে। কেন্দ্ৰীভূত ৰান্ধনীঘৰসমূহত ব্যৱহাৰ কৰা প্ৰযুক্তিবিদ্যা আৰু প্ৰক্ৰিয়াসমূহ অনান্যসমূহৰ লগতে, প্ৰখ্যাত বিশ্ববিদ্যালয় যেনে হাৰ্ভাৰ্ড (উৎস) ইত্যাদিৰ শ্ৰেণীকোঠাৰ পাঠ্যক্ৰমৰ গৱেষণা আৰু অধ্যয়নৰ বিষয় হৈছে। 

কঠিন ভৌগলিক ক্ষেত্ৰ আৰু অনুপযুক্ত বাট-পথ সংযোগ আদি কাৰকৰ বাবেডাঙৰ আন্তঃগাঁথনিৰনিৰ্মাণত অসুবিধা স্থানবোৰত, একঅ-কেন্দ্ৰীভূতৰান্ধনীঘৰ আৰ্হি আদৰ্শ ৰূপ হয়। এই অ-কেন্দ্ৰীভূতৰান্ধনীঘৰসমূহ Akshaya Patraৰ ৰান্ধনীঘৰ প্ৰক্ৰিয়া আৰু পৰিচালনা মডিউলৰ দিগদৰ্শন আৰু পৰিদৰ্শনৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোট (এচএইচজি)ৰ দ্বাৰা পৰিচালিত হয়।

শিশুৰ স্বাস্থ্য খণ্ডত বিভিন্ন প্ৰখ্যাত সংস্থাসমূহে সম্পন্ন কৰা সমীক্ষাসমূহৰ মতে, আমাৰ দেশৰ 40 শতাংশ জনসংখ্যা 18 বছৰতকৈ কম বয়সৰ হয়। ইয়াৰ ভিতৰত, 50 শতাংশতকৈ কম পৰিমাণে বিদ্যালয়লৈ যায়। অৰ্থনৈতিকআৰু সামাজিক পৰিস্থিতিয়ে, এদিনত এটা সময়ৰ আহাৰ উপাৰ্জন কৰিবৰ বাবে এই শিশুসকলক অকুশল বা নিম্নপৰ্যায়ৰ কাম-কাজ নিৰ্বাচন কৰিবলৈ জোৰ দিয়ে। গৱেষণাই লগতে দেখুৱায় যে প্ৰচলিত ক্ষুধা আৰু পুষ্টিহীন স্থিতিৰ কাৰণে বিশ্বজনীন শিক্ষা অতি ধীৰ গতিৰে আগবাঢ়ি গৈছে। এই দুটা কাৰকে বিদ্যালয়ত নামভৰ্তিকৰণ হ্ৰাস কৰে, প্ৰদৰ্শনৰ স্তৰৰ ক্ষতি কৰে আৰু মাজতে বিদ্যালয়ৰ শিক্ষা বাদ দিয়া হাৰ বৃদ্ধি কৰায়, বিশেষকৈ ছোৱালীসমূহৰ মাজত। ক্ষুধা, বিশেষকৈ শ্ৰেণীকোঠাৰ ক্ষুধাই আনকি শিশুবোৰে বিদ্যালয়লৈ আহিলেও তেওঁলোকৰ প্ৰদৰ্শন দুৰ্বল কৰি তোলে। এই সন্ধিক্ষণত, শিশুৰ শিক্ষাৰ সন্দৰ্ভত এনজিঅসমূহৰ ভূমিকাৰ বাহিৰেও, মিড্ ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিয়ে এই শিশুসকলক বিদ্যালয়লৈ অনাৰ ক্ষেত্ৰত এক বৃহত্ অনুপ্ৰেৰণা হিচাপে কাৰ্য্য কৰে। ই তেওঁলোকক কাম কৰাটো প্ৰতিৰোধ কৰে আৰু তাৰ সলনি তেওঁলোকক অধ্যয়ন কৰিবলৈ আৰু শিক্ষিত হবলৈ অনুপ্ৰেৰণা যোগায়। এনেদৰে কাৰ্য্যক্ৰমটোৱে লগতে প্ৰাথমিক শিক্ষাৰ বিশ্বজনীনকৰণতো সহায় কৰে।

যেতিয়া গুণগত মানদণ্ডৰ কথা আহে তেতিয়া Akshaya Patraফাউণ্ডেচনত আমি কেতিয়াও আপোচ নকৰোঁ। প্ৰতিটো Akshaya Patraৰান্ধনীঘৰতেস্বাস্থ্যসন্মততা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সৰ্বাধিক গুৰুত্বপ্ৰদত্ত বিষয় হয়, লাগিলে এয়া কেন্দ্ৰীভূত ৰান্ধনীঘৰেই হওঁক বা অ-কেন্দ্ৰীভূত ৰান্ধনীঘৰেই হওঁক। এই অ-লাভজনক এককৰ কাম-কাজক মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমৰ বাবে থকা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ তথা নিৰীক্ষণ সমিতিয়ে স্বীকৃতি প্ৰদান কৰিছে।

এই ৰাজহুৱা-ব্যক্তিগত-অংশীদাৰীৰ সফলতা বিস্তৃতভাৱে প্ৰশংসিত হৈছে আৰু লগতে এয়া গ্ৰহণ কৰাৰ যোগ্য এক আদৰ্শ অংশীদাৰী বুলি বিবেচিত হৈছে। লগতে দ্য গ্লবেল জাৰ্ণালৰ দ্বাৰা বিশ্বৰ শীৰ্ষৰ 100 টা এনজিঅ -ৰ ভিতৰত 23তম এনজিঅ বুলি স্থান লাভ কৰি ফাউণ্ডেচনটোৱে বিশ্বব্যাপী স্বীকৃতিও লাভ কৰিছে।

The Best Way to Make a Difference in the Lives of Others