এনজিঅসমূহৰ ভূমিকা

এনজিঅ -সমূহেমিড্ ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিৰ প্ৰণয়ন আৰু প্ৰসাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ৰাজ্যিক চৰকাৰী সংস্থাসমূহে তেওঁলোকে ঢুকি পাব পৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম প্ৰণয়ন কৰিবৰ বাবে Akshaya Patra ফাউণ্ডেচনৰ দৰে এনজিঅসমূহৰ সতে জড়িত হয়। এনেদৰে বহুতো এনজিঅ -ই ক্ষুধা আৰু পুষ্টিহীনতা প্ৰতিৰোধ কৰিবৰ বাবে কাম কৰে। 

কাৰ্য্যক্ৰমটোৰ গুণগত মানদণ্ড আৰু প্ৰসাৰ উন্নত কৰি তোলাত এই ৰাজহুৱা ব্যক্তিগত অংশীদাৰী (পিপিপি) য়ে গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰিছে। অংশীদাৰী কৰিবৰ বাবে বে-চৰকাৰী সংগঠন নিৰ্বাচন কৰিবৰ সময়ত চৰকাৰে বিভিন্ন দিশৰ বিষয়ে বিবেচনা কৰে। এনে সংস্থাসমূহ নিশ্চয়েই স্বচ্ছ আৰু ‘প্ৰমাণিত অখণ্ডতালব্ধ’হব লাগিব। এটি এনজিঅ -ক নিৰ্বাচন কৰাৰ এনপি-এনএচপিই 2004 যোগ্যতাৰ পৰিমাপসমূহ তলত প্ৰদান কৰা হল:

এটি এজিঅ নিৰ্বাচন কৰাৰ বাবে এনপি-এনএচপিই 2004 যোগ্যতাৰ মাপকাঠী
  • স্বেচ্ছাসেৱী সংগঠনসমূহে কোনো ধৰণে ধৰ্ম, জাতি আৰু বিশ্বাসৰ ভিত্তিত বৈষম্য কৰিব নালাগিব আৰু কাৰ্য্যক্ৰমটো কোনো ধৰ্মীয় অনুশীলন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নালাগিব।

  • অ-লাভজনক ভিত্তিত যোগানৰ দায়িত্ব গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি

  • ৰাজ্য চৰকাৰৰ প্ৰাসঙ্গিক নিৰ্দেশাৱলী অনুসাৰে পঞ্চায়তি ৰাজ প্ৰতিষ্ঠান/পৌৰ নিগম সংস্থাৰ সতে কাম কৰিবলৈ বাবে ইচ্ছুকতা

  • প্ৰয়োজনীয় পৰিসৰ অনুসাৰে মিড্ ডে মিল (মধ্যাহ্ন ভোজন) যোগান ধৰাৰ বাবে বিত্তীয় আৰু লজিষ্টিকচ সক্ষমতা

  • এই সংস্থাটোৱে ইয়াক এইটো কাম প্ৰদান কৰা অনুষ্ঠানটোকএখন বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিব,ইয়াত ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা সকলোবোৰ অনুদান, নগদ ধন আৰু সামগ্ৰী দুয়োটাৰ সন্দৰ্ভত,একাউণ্টৰ লেখাপৰীক্ষিত মন্তব্য থাকিব, লগতে এইখন প্ৰতিবেদন এজন অনুমোদিত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ দ্বাৰা সঠিকভাৱে প্ৰমাণিত কৰা হব।

 

 

খাদ্যশস্যৰ অনুদানৰ পৰা ৰন্ধা আহাৰলৈকে

এবাৰ নিৰ্বাচন কৰাৰ পাছত, এনজিঅ এটাই ৰান্ধনীঘৰ স্থাপন কৰিব লাগিব, আহাৰ প্ৰস্তুত কৰাৰ দৈনন্দিন কাম-কাজসমূহ  সম্পাদন কৰিব লাগিব আৰু ইয়াৰ পৰিচালনা ব্যয় বজাই ৰাখিব লাগিব। এনপি-এনএচপিই, 2004 নিৰ্দেশাৱলী অনুসাৰে, 

‘চহৰীয়া এলেকাত যত কেইবাখনো বিদ্যালয়ৰ বাবে এটা কেন্দ্ৰীভূত ৰান্ধনীঘৰ স্থাপন কৰাটো সম্ভৱ হয়, তাত ৰন্ধনৰ কাম-কাজ, যতেই উপযুক্ত হয়, এটি কেন্দ্ৰীভূত ৰান্ধীঘৰত সম্পন্ন কৰিব লাগে আৰু ৰন্ধা গৰম আহাৰ তাৰ পাছত স্বাস্থ্যসন্মত অৱস্থাত এক নিৰ্ভৰযোগ্য পৰিবহন ব্যৱস্থাৰ যোগেদি বিভিন্ন বিদ্যালয়সমূহলৈ পৰিবহন কৰিব পাৰি। এখন চহৰীয়া এলেকাত, তেওঁলোকে পৰিবেশন কৰা সমূহৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি এনে এটা বা একাধিক কেন্দ্ৰীয়ৰান্ধনীঘৰ থাকিব পাৰে।’

 

কাৰ্য্যক্ৰমটো কাৰ্য্যকাৰীভাৱে প্ৰণয়ন কৰিবৰ বাবে, সেয়েহে, এনে কাৰ্য্যক্ৰমৰ লজিষ্টিকচ (পৰিবহন আৰু ভঁৰাল ব্যৱস্থা) পৰিচালনা কৰাৰ বাবে এনজিঅ এটা নিশ্চয়েই ভালদৰে সুসজ্জিত হব লাগে। এটি অ-লাভজনক সংস্থাৰ নিশ্চয়েই ‘প্ৰয়োজনীয় পৰিমাণৰ মিড্ ডে মিল (মধ্যাহ্ন ভোজন) যোগান ধৰাৰ বাবে বিত্তীয় আৰু লজিষ্টিকচ সক্ষমতা থাকিব লাগিব’।

এয়া কেনেদৰে আয়ত্ব কৰিব পৰা যায় সেই বিষয়ে চৰকাৰে সমাধান প্ৰদান কৰে। মানৱ সম্পদ বিভাগৰ মন্ত্ৰালয়ে উল্লেখ কৰিছে:

 

 

“উপযুক্ত বিদ্যালয়সমূহত হয়তোবা ৰন্ধা আহাৰ বা পূৰ্বতে-ৰন্ধা প্ৰকাৰৰ খাদ্যএনজিঅসমূহৰ যোগেদি কাৰ্য্যক্ৰমটোৰ প্ৰণয়ন কৰাত ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে দায়িত্বশীল হব। এই পৰিসৰলৈকে সম্পৰ্কিত ৰাজ্য চৰকাৰ বা এনজিঅসমূহে, খাদ্য শস্য ৰন্ধা আহাৰলৈ পৰিৱৰ্তন কৰাৰ বাবে প্ৰয়োজনীয় সম্পদ সংগ্ৰহ কৰিব পাৰে।”         

                                                              -- নিৰ্দেশাৱলী, পৰিশিষ্ট IXদফা 7

এই সমাধানে Akshaya Patra  ৰ দৰে সংস্থাসমূহক, যাৰ দেশৰ সৰ্বত্ৰতে ৰান্ধনীঘৰ আছে, গড়ে 80 মিলিয়ন টকা (8 কোটি) ব্যয়ৰ, নিজৰ বিশাল আন্তঃগাঁথনি স্থাপন কৰা আৰু চৰকাৰৰ পৰামৰ্শাৱলী অনুসাৰে আঁচনিখন সম্পন্ন কৰিবলৈ সক্ষম কৰি তুলিছে। ই কাৰ্য্যক্ৰমটোৰ প্ৰণয়নৰ সময়ত হোৱা ঘাটিৰ বাবে এনজিঅসমূহক পুঁজি সংগ্ৰহ কৰিবৰ বাবে এটি মাধ্যম প্ৰদান কৰে।

2008-2009 কাৰ্য্যক্ৰম অনুমোদন বোৰ্ডৰ মিনিটসমূহত উল্লেখ কৰাৰ দৰে, “অনান্য ব্যয়সমূহ যেনে ৰান্ধনীৰ পাৰিশ্ৰমিক, বাচন-বৰ্তন আৰু ৰান্ধনীঘৰৰ নিৰ্মাণ, পৰিবহন আদিসমূহ এনজিঅ -ই বহন কৰিব লাগিব।”

চৰকাৰে আনকি সংগ্ৰহ কৰা দানৰ বাবেও নিয়মো তৈয়াৰ কৰি দিলে। উদাহৰণস্বৰূপে 2003 -ত, ভাৰতবৰ্ষৰ প্ৰাক্তন মূখ্য ন্যায়াধীশৰ সভাপতিত্বত (সামাজিক আৰু অৰ্থনৈতিক কল্যাণৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় সমিতি, ৰাজহ বিভাগ, বিত্ত মন্ত্ৰালয়, ভাৰত চৰকাৰ)এখন সমিতিয়ে অনুমোদন কৰিলে যে Akshaya Patra  এনে এটি যোগ্য প্ৰকল্প হয় যিয়ে 220 মিলিয়ন টকা (22 কোটি) লৈকে দান সংগ্ৰহ কৰিব পাৰে, দাতাসকলৰ বাবে 3 বছৰলৈকে 100% কৰ ৰেহাই সহ।

2006 চনত সমিতিখনে পুনৰাই Akshaya Patra  কাৰ্য্যক্ৰমৰ পুনৰীক্ষণ কৰিলে আৰু কৰবিহীন দানৰ ধনৰ পৰিমাণ 1,000 মিলিয়ন টকা (100 কোটি) লৈকে বঢ়াইদিয়ে। 2009 চনৰ অন্য এক পুনৰীক্ষণে এই সংখ্যা 3 বছৰৰ বাবে 2,000 মিলিয়ন টকা (200 কোটি) লৈকে বঢ়াইদিয়ে।

সংস্থাসমূহৰ ন্যাস দলিলসমূহে, যাৰ বিষয়ে চৰকাৰ জ্ঞাত হয়, তেওঁলোকক পুঁজি সংগ্ৰহ কৰাৰ বাবে অনুমতি দিয়ে। Akshaya Patra ’ৰ ন্যাস দলিলে তলত দিয়াসমূহ উ্ল্লেখ কৰে:

8.xiবিশ্বৰ সৰ্বত্ৰৰে ব্যক্তি, কৰ্পোৰেট আৰু অ-লাভজনক সংস্থাৰ পৰা উপহাৰ, দান বা অৰিহণা গ্ৰহণ কৰিবলৈ যেতিয়ালৈকে সেইবোৰ ন্যাসৰ লক্ষ্য অনুসাৰে অসঙ্গতিপূৰ্ণ নহয়।

এনজিঅ-সমূহক অনুপ্ৰেৰণা দিয়াৰ সন্দৰ্ভত চৰকাৰৰ দু-মূখীয়া কৌশল আছে। এনে কৰাৰ ফলত, ই কেৱলমাত্ৰ কাৰ্য্যক্ৰমটোৰ গুণগত মানদণ্ডকে উন্নত কৰি নোতোলে বৰঞ্চ ই সম্প্ৰদায়ৰ জড়িততাকো উদগনি যোগায়।এনপি-এনএচপিই, 2004 নিৰ্দেশাৱলী অনুসাৰে,‘ৰাইজৰসক্ৰিয়জড়িততা নিশ্চিত কৰাৰ বাবে উপযুক্ত প্ৰক্ৰিয়াসমূহ সঠিকভাৱে ৰূপায়ন কৰিব লাগে যাতে এই মিড্ ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম এক জনসাধাৰণৰ কাৰ্য্যক্ৰম হৈ পৰে।’

এনজিঅসমূহে সক্ৰিয় স্বেচ্ছাসেৱকতা আৰু পুঁজি সংগ্ৰহৰ যোগেদি সম্প্ৰদায়ৰ অংশগ্ৰহণত উদগনি যোগায়। তেওঁলোকে সমাজৰ সকলোবোৰ স্তৰক জড়িত কৰি তোলেআৰু চৰকাৰক মিড্ ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিখন এখন‘জনসাধাৰণৰ কাৰ্য্যক্ৰম’ কৰি তোলাত সহায় কৰে।

ইয়াক স্বচ্ছ কৰি ৰখা

এতিয়া প্ৰশ্ন উঠে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীৰ অভিযানৰ স্বচ্ছতাক লৈ। এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টীয়েৰিং-কাম-মনিটৰিং কমিটি (পৰিচালন তথা নিৰীক্ষণ সমিতি) (এনএচএমচি) য়ে কাৰ্য্যক্ৰমটোৰ প্ৰৱন্ধন আৰু নিৰীক্ষণ পৰিদৰ্শন কৰে। এনপি-এনএচপিই, 2004 নিৰ্দেশাৱলীত উল্লেখ কৰা অনুসাৰে, সমিতিৰ কৰ্তব্যসমূহত অন্তৰ্ভূক্ত হয়:

  • ‘কাৰ্য্যক্ৰমটোৰ বাবে ৰাজহুৱা সমৰ্থন সংগ্ৰহ কৰা আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীকউদগনি যোগোৱা’

  • ‘কাৰ্য্যক্ৰমৰ প্ৰণয়ন নিৰীক্ষণ কৰা, ইয়াৰ প্ৰভাৱৰ মূল্যায়ন কৰা আৰু সংশোধনীমূলক পদক্ষেপ গ্ৰহণ    কৰা’

যোগ্যতাৰ এটা চৰ্ত হল যে ‘সংস্থা বা অনুষ্ঠানৰ কাম-কাজ বা গতিবিধিসমূহৰ প্ৰৱন্ধন কৰোঁতা ব্যক্তিসকল প্ৰমাণিত অখণ্ডতাৰ ব্যক্তি হয়’ (সামাজিক আৰু অৰ্থনৈতিক কল্যাণৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় সমিতি, ভাৰত চৰকাৰ)।অন্য এটা হল যে ‘অনুষ্ঠান বা সংস্থাটোৱে নিজৰ ৰচিদ আৰু ব্যয়সমূহৰ নিয়মিত একাউণ্ট বজাই ৰাখিব’। স্বেচ্ছাসেৱী অনুষ্ঠানৰ দ্বাৰা প্ৰতিবেদনসমূহ নিশ্চয়কৈ নিয়মিতভাৱে জমা দিব লাগিব।

ফলাফলসমূহ

মিড্ ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিৰ প্ৰণয়নত বিভিন্নসংখ্যক ব্যক্তিগত সংস্থাৰ জড়িততাই দৃশ্যমানভাৱে বেছি ভাল প্ৰদৰ্শনৰ ফলাফল দেখুৱাইছে।

  • এতিয়ালৈকে প্ৰায় 120 মিলিয়ন (12 কোটি) শিশুক এই আঁচনিৰ অন্তৰ্গত সামৰি লোৱা হৈছে, যিয়ে এই বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ কাৰ্য্যক্ৰমটোক বিশ্বৰ ভিতৰতে সৰ্ববৃহৎকৰি তুলিছে। চৰকাৰৰ বহুমুখী প্ৰয়াসসমূহে এনেদৰে উৎকৃষ্ট ফলাফল দেখুৱাব পাৰিছে।   

  • ইয়াৰ প্ৰণয়ন কৰোঁতা সংস্থাৰূপে বিভিন্ন সংস্থাসমূহ যেনে Akshaya Patra  ৰ দৰে সংস্থাৰ অতুলনীয় সম্পদসমূহৰ লাভ ব্যৱহাৰৰ দ্বাৰা আৰু সেইবোৰ যিমান সম্ভৱ সিমান আত্মনিৰ্ভৰ হোৱাৰ পদ্ধতি তৈয়াৰ কৰাৰ দ্বাৰা, চৰকাৰে আমাৰ দেশৰ শিশুসকলক সহায় কৰিবৰ বাবে সফলতাৰে সমগ্ৰ সমাজখনকে জড়িত কৰিব পাৰিছে। এই ফাউণ্ডেচনসমূহে পুঁজি সংগ্ৰহ আৰু স্বেচ্ছাসেৱকতাৰ যোগেদি সম্প্ৰদায়ৰ অংশগ্ৰহণত উদ্গনি যোগায়।

  • কাৰ্য্যক্ৰমটোৰ সফলতা সুনিশ্চিত কৰাৰ সন্দৰ্ভত ই অনুপ্ৰাণিত কৰা এই ৰাজহুৱা ব্যক্তিগত অংশীদাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰিছে। এই সংস্থাসমূহৰ সহায়েৰে, চৰকাৰে এই আঁচনিখনৰ পৰিসৰ ব্যাপক অনুপাতলৈ লৈ যাবলৈ সক্ষম হৈছে।

  • আঁচনিখনে শিশুসকলৰ ওপৰত বিভিন্ন প্ৰকাৰে প্ৰভাৱ পেলাইছে। বিদ্যালয়ত উপস্থিতি বৃদ্ধি পাইছে, শ্ৰেণীকোঠাৰ ক্ষুধা হ্ৰাস পাইছে, পুষ্টিহীনতা হ্ৰাস পাইছে আৰু সকলো জাতিৰ শিশুসকলৰ মাজত সামাজিকীকৰণ উন্নত হৈছে।

  • বৈশ্বিক স্তৰত, ভাৰত চৰকাৰে সহস্ৰাব্দৰ উন্নয়ন লক্ষ্য পূৰণ কৰিবৰ বাবে কঠোৰ শ্ৰম কৰিছে।

The Best Way to Make a Difference in the Lives of Others