প্ৰশাসন
Akshaya Patra-ৰ প্ৰশাসনীয় দৰ্শনে এনে কিছুমান আইন, নীতি আৰু নিয়মাৱলী আৰু ভাল পদ্ধতিৰ সমূহক বুজায় যিবোৰে এটি সংস্থাক কাৰ্য্যকাৰীভাৱে তথা নৈতিকভাৱে প্ৰদৰ্শন কৰিবলৈ আৰু ইয়াৰ সকলো হিতধাৰকৰ বাবে মূল্য সৃষ্টি কৰিবলৈ সক্ষম কৰি তোলে।
Akshaya Patra ফাউণ্ডেচনত, আমি এই বিশ্বাসৰ প্ৰতি উৎসৰ্গীত হওঁ যে সৰ্বোত্তম প্ৰশাসন পদ্ধতিসমূহ গ্ৰহণ কৰাটোৱে আমাক বহুদূৰলৈ আগুৱাই নিব। আমি কেৱলমাত্ৰ প্ৰকৃত অৰ্থত বিশ্ব-শ্ৰেণীৰ অ-লাভজনক সংস্থাৰূপে পৰিগণিত হোৱাৰ আকাংক্ষা নকৰোঁ, কিন্তু লগতে আমি এনে প্ৰশাসন আৰ্হিও অনুসৰণ কৰোঁ যিটো বিশ্ব-শ্ৰেণীৰ হয়।
আমাৰ প্ৰশাসন অনুশীলনসমূহে আমাৰ মূল্য পদ্ধতিত গভীৰভাৱে বদ্ধমূল হৈ ৰোৱা ন্যাসৰক্ষা সংস্কৃতিক প্ৰতিফলিত কৰে। মূল দৰ্শন 4 টা প্ৰাথমিক সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত হয়:
-
ফাউণ্ডেচন আৰু হিতধাৰকসকলৰ প্ৰতি বোৰ্ডৰ দায়বদ্ধতা
-
সকলো হিতধাৰকক সমান আৰু ন্যায়নিষ্ঠ ব্যৱহাৰ
-
বোৰ্ডৰ দ্বাৰা ৰণনীতিক দিগদৰ্শন আৰু কাৰ্য্যকাৰী নিৰীক্ষণ
-
স্বচ্ছতা আৰু সময়মতে প্ৰকাশ কৰা
এই দৰ্শন অনুসাৰে, সৰ্বোত্তম প্ৰশাসনীয় পদ্ধতিসমূহ গ্ৰহণৰ দ্বাৰা Akshaya Patraফাউণ্ডেচনে নিয়মিতভাৱে উৎসৰ্ষলাভৰ বাবে কঠোৰ প্ৰয়াস কৰে।
এটি সফল ৰাজহুৱা - ব্যক্তিগত অংশীদাৰী
এই কাৰ্য্যক্ৰমটো কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ অংশীদাৰীৰে সম্পন্ন কৰা হয়। তেওঁলোকে আমাক খাদ্যশস্য আৰু নগদ ৰাজসাহায্য প্ৰদান কৰি মিড ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিখনসফলতাৰে চলোৱাত সাহায্য কৰে। তাৰোপৰি, কৰ্পোৰেট হাউচ আৰু ব্যক্তিগত দাতাসকলেও নিজৰ অকুণ্ঠ সাহায্য আগবঢ়ায়।
The Akshaya Patra Foundation © 2017 Website Designed & Maintenance By Creative Yogi