Akshaya Patraৰান্ধনীঘৰৰ আন্তঃগাঁথনি

Akshaya Patraফাউণ্ডেচনে ভাৰতৰ 9 খন ৰাজ্যৰ 20 খন ঠাইত কাম-কাজ কৰে

কেন্দ্ৰীভূত ৰান্ধনীঘৰসমূহ হৈছে বিশাল ৰান্ধনীঘৰ যিবোৰৰ সাধাৰণতে 100,000 লৈকে আহাৰ প্ৰস্তুত কৰাৰ সক্ষমতা আছে। এই ৰান্ধনীঘৰসমূহে ইয়াৰ চৌপাশে অৱস্থিত কেইবাখনো বিদ্যালয়ত আহাৰ যোগান ধৰে। এইবোৰ স্বয়ংক্ৰিয় হয় আৰু সেয়েহে এইবোৰে ৰন্ধন প্ৰক্ৰিয়াৰ সময়ত স্বাস্থ্যসন্মততা নিশ্চিত কৰে। আনহাতে, এনে ঠাইসমূহত যত কঠিন ভৌগলিক ক্ষেত্ৰ আৰু অনুপযুক্ত বাট-পথ সংযোগ আদি কাৰকে ডাঙৰ আন্তঃগাঁথনিৰনিৰ্মাণত সাহায্য নকৰে, তাৰ বাবে অকেন্দ্ৰীভূতৰান্ধনীঘৰ ৰূপআদৰ্শ হয়। এই ৰান্ধনীঘৰসমূহAkshaya Patraৰ ৰান্ধনীঘৰ প্ৰক্ৰিয়া আৰু পৰিচালনা মডিউলৰ দিগদৰ্শন আৰু পৰিদৰ্শনৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোট (এচএইচজি)ৰ দ্বাৰা পৰিচালিত হয়।

Akshaya Patra ৰৰান্ধনীঘৰসমূহেছয় চিগমাপ্ৰণালী গ্ৰহণ কৰিছে

কেন্দ্ৰীভূতৰান্ধনীঘৰসমূহত ৰন্ধনৰ কাম কাজ খুবেই ৰাতিপুৱাতে আৰম্ভ হয়। সংস্থাটোৱে পৰিচালনা কৰা সকলোবোৰ ৰান্ধনীঘৰে এক পূৰ্বনিৰ্ধাৰিত আহাৰ তালিকা অনুসৰণ কৰে। সকলোবোৰ কেন্দ্ৰীভূতৰান্ধনীঘৰত ডাঙৰ কেৰাহী বা টৌ, ট্ৰলী, চাউলৰ চ্ছুট, দালি/সাম্বৰ টেংক, কাটিং বোৰ্ড, ছুৰী-কটাৰী আৰু অনান্য একেধৰণৰ সা-সৰঞ্জামসমূহ থাকে আৰু এইবোৰ ব্যৱহাৰ কৰাৰ পূৰ্বে বীজাণুমুক্ত কৰা হয়। উত্তৰ ভাৰতীয় ৰান্ধনীঘৰসমূহত চাউলৰ ডাঙৰ কেৰাহী বা টৌ, দালিৰ ডাঙৰ কেৰাহী বা টৌ থাকে। প্ৰতিটো চাউলৰ ডাঙৰ কেৰাহী বা টৌৰ ধাৰণ ক্ষমতাকমেও 500 লিটাৰ হয়; আৰু প্ৰতিটো দালিৰ ডাঙৰ কেৰাহী বা টৌৰ 1,200 লিটাৰৰ পৰা 3,000 লিটাৰ দালি ৰান্ধিব পৰা ক্ষমতা থাকে। যিহেতু ৰুটী উত্তৰ ভাৰতীয় আহাৰৰ তালিকাৰ এক গুৰুত্বপূৰ্ণ অংগ হয় সেয়েহে ইয়াৰ ৰান্ধনীঘৰসমূহত ৰুটী তৈয়াৰ কৰা মেচিন থাকে, যিবোৰৰ 6,000 কিলোগ্ৰাম ঘেঁহুৰ আটাৰ পৰা 2,00,000 খন ৰুটি তৈয়াৰ কৰাৰ সক্ষমতা আছে।

দক্ষিণ ভাৰতীয় ৰান্ধনীঘৰসমূহত চাউলৰ ডাঙৰ কেৰাহী বা টৌ আৰু সাম্বৰৰ ডাঙৰ কেৰাহী বা টৌ থাকে। প্ৰতিটো চাউলৰ ডাঙৰ কেৰাহী বা টৌৰ ধাৰণ ক্ষমতা কমেও 500 লিটাৰ হয়; প্ৰতিটোসাম্বৰৰডাঙৰ কেৰাহী বা টৌৰ 1,200 লিটাৰৰ পৰা 3,000 লিটাৰ সাম্বৰ ৰান্ধিব পৰা সক্ষমতা থাকে।এই সকলোবোৰ বাচন-বৰ্তন ষ্টেইনলেছ ষ্টীলৰ 304 খাদ্য মান সামগ্ৰীৰ হয়।

কেঁচামাল আহৰণ কৰাৰ সময়ত গুণগত মানদণ্ডৰ নিশ্চয়তা

সঠিক আৰু সৰ্বোত্তম কেঁচামাল আহৰণ কৰাটো নিশ্চিত কৰিবৰ বাবে এচকিউএমএচ প্ৰক্ৰিয়াই বিভিন্ন উপ প্ৰক্ৰিয়াসমূহ যেনে যোগানকৰ্তা নিৰ্বাচন, যোগানকৰ্তা যোগ্যতা, যোগানকৰ্তাৰ মূল্যাংকন ইত্যাদিসামৰি লয়। আমাৰ গুণগত মানদণ্ড নিয়ন্ত্ৰণ প্ৰক্ৰিয়াই নিশ্চিত কৰে যে কেঁচামালসমূহ যাতে কেৱলমাত্ৰ বিশদ গুণগত মানদণ্ড পৰীক্ষণৰ পাছতহে গ্ৰহণ কৰা হয় যাতে আমি আমাৰ কেঁচামাল নিৰ্দেশনা বা বৰ্ণনা, যি সাধাৰণতে খাদ্য সুৰক্ষা মানদণ্ড আইন 2006 (এফএচএচএ)ৰ পৰা লোৱা আৰু গ্ৰহণ কৰা হয় অনুসৰি যাতে সকলোবোৰ প্ৰয়োজন পূৰণ কৰা হয়। 

কেঁচামালৰ মজুতকৰণ, চোৱা-চিতা, সংৰক্ষণ

সতেজ শাক-পাচলিসমূহ দৈনিক ভিত্তিত ক্ৰয় বা আহৰণ কৰা হয়। আহৰণৰ পাছত, সৰ্বোত্তম গুণগত মানদণ্ড বজাই ৰাখিবৰ বাবে শাক-পাচলিসমূহ বিধে বিধে ভাগ কৰা হয়। সকলোবোৰ শাক-পাচলি খোৱাৰ বা উপযুক্ত পানীৰে পৰিষ্কাৰ কৰা হয় আৰু কটা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে পৰিষ্কাৰ কৰা হয়। সতেজতা ৰক্ষা কৰিবৰ বাবে কটা ৰান্ধিবলৈ প্ৰস্তুত হৈ থকা শাক-পাচলিসমূহ মজুত ৰাখিবৰ বাবে কোল্ড ষ্টোৰেজ ব্যৱহাৰ কৰা হয়। চাউল ভাৰতীয় খাদ্য নিগমে (এফচিআই) যোগান ধৰে। ৰন্ধন প্ৰক্ৰিয়াৰ পূৰ্বে, চাউলখিনি মেচিনেৰে পৰিষ্কাৰ কৰা হয় আৰু ভালকৈ ধোৱা হয়। সকলোবোৰ কেঁচামাল সতেজ হোৱাটো নিশ্চিত কৰিবৰ বাবে উৎপাদনৰ বাবে কেঁচামাল আবণ্টনৰ সময়ত সকলোবোৰ ৰান্ধনীঘৰে এফআইএফঅ (প্ৰথমতে অহা প্ৰথমতে যোৱা) আৰু এফইএফঅ (প্ৰথম ম্যাদ উকলি যোৱা প্ৰথমতে যোৱা) পদ্ধতিসমূহ অনুসৰণ কৰে।

এনে কৰাৰ ফলত, ৰান্ধনীঘৰসমূহে কেঁচামালসমূহ উপযুক্ত পদ্ধতিৰে সঠিকভাৱে চিনাক্তকৰণ, মজুত আৰু উলিয়াই আনিব পাৰে।  

ৰন্ধনৰ সময়ত গুণগত মানদণ্ড আৰু সুৰক্ষা

Akshaya Patraৰ সকলোবোৰ ৰান্ধনীঘৰেমিড্ ডে মিল (মধ্যাহ্ন ভোজন) প্ৰস্তুত কৰাৰ বাবে এক মানক প্ৰক্ৰিয়া অনুসৰণ কৰে। এই প্ৰক্ৰিয়াটো ৰন্ধা আহাৰৰ স্বাস্থ্যসন্মততা আৰু গুণগত মানদণ্ড নিশ্চিত কৰা আৰু লগতে খাদ্য সুৰক্ষা মানদণ্ড মানি চলাৰ বাবে তৈয়াৰ কৰা হয়। ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে সকলোবোৰ ৰন্ধনৰ সা-সৰঞ্জাম যেনে ডাঙৰ কেৰাহী বা টৌ, ট্ৰলী, চাউলৰ চ্ছুট আৰু সাম্বৰ/দালিৰ টেংক, কাটিং বোৰ্ড, ছুৰী-কটাৰীইত্যাদি ভাপ ব্যৱহাৰ কৰি জীৱাণুমূক্ত কৰা হয়। ৰান্ধনীঘৰত ব্যৱহাৰ কৰা বাচন-বৰ্তনসমূহ 304 মানৰ ষ্টেইনলেছ ষ্টীলেৰে তৈয়াৰী হয় আৰু এইবোৰ খাদ্য ৰন্ধা আৰু খাদ্যৰ বাবে ব্যৱহাৰ কৰাৰ কাৰণে সৰ্বোত্তম হয়।

সকলোবোৰ বিকেন্দ্ৰীভূতৰান্ধনীঘৰ প্ৰয়োজনীয় ৰন্ধন আহিলা বা সা-সৰঞ্জাম যেনে চাপাতি পাত্ৰ, ভাত, দালি ৰন্ধা বাচন-বৰ্তন আৰু বিদ্যালয়লৈ ৰন্ধা মিড্ ডে মিল (মধ্যাহ্ন ভোজন) পৰিবহন কৰিবৰ বাবে পাত্ৰসমূহেৰে সুসজ্জিত হয়। স্বাস্থ্যসন্মততাৰ মানদণ্ড পূৰণ কৰাটো সুনিশ্চিত কৰিবৰ বাবে ৰান্ধনীঘৰৰ কৰ্মচাৰীসকলক নিয়মিতভাৱে স্বাস্থ্যসন্মততা আৰু খাদ্য সুৰক্ষা প্ৰশিক্ষণ প্ৰদান কৰা হয়।

উৎপাদন পৰিচালনা আৰু পৰিদৰ্শন কৰিবৰ বাবে সকলোবোৰ ৰান্ধনীঘৰত সুপ্ৰশিক্ষিত ৰান্ধনী আৰু উৎপাদন পৰিদৰ্শক আছে। গুৰুতৰ নিয়ন্ত্ৰণ বিন্দু (চিপিপি) যেনে ৰন্ধন তাপমান ইত্যাদিসমূহ আহাৰৰ সঠিক গুণগত মানদণ্ড সুনিশ্চিত কৰিবৰ বাবে সময়ে সময়ে পৰীক্ষা আৰু লিপিবদ্ধ কৰা হয়।  

খাদ্যৰ গুণগত মানদণ্ড বজাই ৰখাটো নিশ্চিত কৰিবৰ বাবে প্ৰতিটো ৰান্ধনীঘৰতে গুণমান বিষয়াসকলে গুণমান পৰীক্ষা কৰে।

খাদ্য পেকেটত ভৰোৱা আৰু পৰিবহন

ৰন্ধা খাদ্য ভাপেৰে বীজাণুমূক্ত কৰা পাত্ৰসমূহত পেকেট কৰা হয়। ষ্টেইনলেছ ষ্টীলৰ 304 মান পাত্ৰত পেকেট কৰা খাদ্যসমূহ বিতৰণ কৰাৰ বাবে আমি বিশেষভাৱে পৰিকল্পিত আৰু অনুকূলিত ভাৱে নিৰ্মাণ কৰা পৰিবহন বাহনব্যৱহাৰ কৰোঁ। সামগ্ৰী উঠোৱা প্ৰক্ৰিয়াৰ আগতে এই বাহনসমূহ ভাপেৰে বীজাণুমূক্ত কৰা হয়। এই বাহনসমূহে তাপমানৰ হানি হ্ৰাস কৰিবৰ বাবে ফুলি উঠা শৰীৰ ব্যৱহাৰ কৰা হয় আৰু বাচন আৰু পাত্ৰসমূহ ওপৰমূৱাকৈ ৰাখিবৰ বাবে তথা শিশুসকলক পৰিবেশন নকৰালৈকে ৰন্ধা আহাৰৰ সতেজতা অক্ষত ৰাখিবলৈ মৌমাখিৰ চাকৰ দৰে গাঁথনি ব্যৱহাৰ কৰোঁ।

বিতৰণ

সুৰক্ষা আৰু সময়ত বিতৰণ কৰাৰ উদ্দেশ্যত যাত্ৰাপথ অনুকূলনৰ বাবে লজিষ্টিকতালিকাকৰণ, বিতৰণ বাহনবোৰ অনুসৰণ কৰাৰ বাবে জিপিআৰএচ আদি ব্যৱস্থাসমূহ ৰান্ধনীঘৰসমূহত ক্ৰমান্বয়ে গ্ৰহণ আৰু ৰূপায়ণ কৰি থকা হৈছে।

বিতৰণ পশ্চাদ্ প্ৰক্ৰিয়া

আহাৰৰ গুণগত মানদণ্ড নিৰন্তৰভাৱে বজাই ৰখাৰ বাবে, আহাৰ প্ৰদান কৰাৰ সময়ত আমি বিদ্যালয়সমূহৰ পৰা দৈনিক ভিত্তিত প্ৰতিক্ৰিয়া গ্ৰহণ কৰোঁ। ৰান্ধনীঘৰৰ গুণমান বিষয়াসকলে প্ৰতিক্ৰিয়া পৰীক্ষা কৰে আৰু খাদ্যৰ গুণগত মানদণ্ড আৰু বিতৰণ উন্নত কৰি তুলিবৰ বাবে উপযুক্ত সংশোধনী বা উন্নয়ন পদক্ষেপ প্ৰাৰম্ভ বা সূত্ৰপাত কৰায়। লগতে মিড্ ডে মিল (মধ্যাহ্ন ভোজন) পৰিবেশন কৰাৰ সময়ত খাদ্য সুৰক্ষা আৰু স্বাস্থ্যসন্মততাৰ ওপৰত সজাগতা সৃষ্টি কৰিবৰ বাবে আমি নিয়মিতভাৱে সকলোবোৰ বিদ্যালয়ক ‘কৰিব’ আৰু ‘নকৰিব’ পাম্ফলেট বিতৰণ কৰোঁ।

লেখাপৰীক্ষা আৰু পুনৰীক্ষণপ্ৰণালীয়ে মূখ্য প্ৰক্ৰিয়াসমূহ আৰু পদ্ধতিসমূহ আৰু সেইবোৰৰ প্ৰদৰ্শন পৰ্যবেক্ষণ কৰাত এক প্ৰধান ভূমিকা নিৰ্বাহ কৰে। সেয়েহে, আমি সংস্থাগত ৰূপে গ্ৰহণ কৰা প্ৰণালীবোৰৰ ভিতৰত আছে ভাল প্ৰস্তুতকৰণ প্ৰক্ৰিয়া (জিএমপি) মাহেকীয়া লেখাপৰীক্ষা, খাদ্য সুৰক্ষা আৰু গুণমানৰ ওপৰত আকস্মিক লেখাপৰীক্ষা আদি। গুণমান মেট্ৰিক্স প্ৰদৰ্শনৰ মাহেকীয়া ভিত্তিত পুনৰীক্ষণ কৰা হয়। খাদ্য বিতৰণ কৰাৰ সময়ত আমি দৈনন্দিন ভিত্তিত গ্ৰহণ কৰা প্ৰতিক্ৰিয়াৰ উপৰিও সময়ে সময়ে গুণগত মানদণ্ডৰ কৰ্মচাৰীসকলৰ দ্বাৰা বিশদ গ্ৰাহক সন্তুষ্টি সমীক্ষাসমূহ সম্পন্ন কৰা হয়। প্ৰমাণিত ৰান্ধনীঘৰসমূহত, গুণগত মানদণ্ড আৰু এফএচএমএচ প্ৰৱন্ধকসকলৰ নেতৃত্বত অৰ্হতাসম্পন্ন আভ্যন্তৰীণ লেখাপৰীক্ষকসকলৰ দ্বাৰা বছৰত দুবাৰকৈ ISO 22000আভ্যন্তৰীণ লেখাপৰীক্ষা সম্পন্ন কৰা হয় আৰু আমাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা সংস্থাই বছৰেকত দুবাৰকৈ তত্বাবধান লেখাপৰীক্ষা সম্পাদন কৰে। এই সকলোবোৰ সম্পৰ্কিত লেখাপৰীক্ষাৰ তথ্যসমূহ পুনৰীক্ষণ কৰা হয় আৰু উপযুক্ত উন্নয়নমূলক বা সংশোধনী পদক্ষেপসমূহ গ্ৰহণ কৰা হয়। এই সকলোবোৰ পদক্ষেপেই লগতে কাৰ্য্যকাৰীভাৱে প্ৰণয়ন হোৱালৈকে পৰ্যবেক্ষণ কৰা হয়।

নিৰন্তৰ উন্নয়ন পদ্ধতিসমূহ

যিহেতু আমি প্ৰদান কৰা মিড্ ডে মিল (মধ্যাহ্ন ভোজন)ৰ গুণগত মানদণ্ড নিৰৱিচ্ছিন্ন ৰাখি আমি নিজৰ সেৱাসমূহ বজাই ৰখা আৰু উন্নততৰ কৰি তোলাৰ বাবে লক্ষ্য গ্ৰহণ কৰিছোঁ সেয়েহে ইয়াৰ বাবে নিৰন্তৰভাৱে উন্নয়ন কৰাৰ প্ৰয়োজন আছে। আমি নিৰন্তৰভাৱে বিভিন্ন প্ৰক্ৰিয়াসমূহৰ প্ৰদৰ্শন উন্নততৰ কৰি তুলিব লাগিব যাতে উন্নয়নৰ প্ৰতিটো চক্ৰই যেন আমাক সফলতা অৰ্জনৰ পৰৱৰ্তী স্তৰলৈ লৈ যায়। আমি এক পূৰ্ণতাবাদী দৃষ্টিকোণ গ্ৰহণ কৰিছোঁ আৰু ‘অক্ষয়াপ্ৰগথি’ নামৰ এটি কাৰ্য্যক্ৰমৰ পৰিকল্পনা কৰিছোঁ। এই কাৰ্য্যক্ৰমটোৰ অংশস্বৰূপে প্ৰতিজন সদস্যকে এইবোৰ প্ৰয়াসৰ অংশ কৰি তোলাটো সুনিশ্চিত কৰাৰ বাবে আমি কাইজান, চিআই প্ৰকল্পসমূহ আৰু ছয় চিগমা প্ৰণালী গ্ৰহণ আৰু প্ৰণয়ন কৰিছোঁ।

প্ৰশিক্ষণ হৈছে নিৰন্তৰ উন্নয়ন কাৰ্য্যক্ৰমৰ এটি অবিচ্ছেদ্য অংগ। 2012-13 বিত্তীয় বৰ্ষত5এচ, জিএমপি, লীন আৰু কাইজান, আৰু ISO 22000সচেতনতাৰ ওপৰত ৰান্ধনীঘৰৰ কৰ্মচাৰীসকলৰ বাবে সকলোবোৰ অৱস্থানতে 6,000 ব্যক্তি ঘণ্টাতকৈ বেছি সময়ৰ বাবে প্ৰশিক্ষণ অনুষ্ঠিত কৰা হল। গুণগত মানদণ্ড বিভাগে 2013-14 বিত্তীয় বৰ্ষত একেধৰণৰ বিষয়সমূহৰ ওপৰত 15,000 ব্যক্তি ঘণ্টাৰ প্ৰশিক্ষণ সম্পন্ন কৰাৰ লক্ষ্য ৰাখিছে।

 

The Best Way to Make a Difference in the Lives of Others